তেওঁ মোলৈকে ৰৈ আছে
(পুলক জ্যোতি শৰ্মা)
ৰচনা ১৯৮২
এখনি দুৱাৰ – বন্ধ
এইপাৰে মই
সিফালে কি আছে নেজানো
খুলিবৰ সময় সমাগত ৷
ফাঁকেৰে চাই দেখিছোঁ
বাহিৰত ৰঙীন আভা
ঢকা-চমকা,
মাজে মাজে ঘনঘোৰ এন্ধাৰে আৱৰা ৷
তাৰমাজতে দেখিছোঁ এখনি মুখ
লাৱনী কোমল
দুঃচিন্তা ভাৰাক্ৰান্ত
প্ৰকট হৈ উঠিব খোজা ৰেখাবোৰক
বাধা দিয়া চেষ্টাত জৰ্জৰিত ৷
তেওঁ দুৱাৰ খোলালৈ ৰৈ আছে
তেওঁ মোলৈকে ৰৈ আছে
ক’বলৈ মোক – মোৰ মুখৰ পৰা
এই ৰেখাবোৰ আঁতৰাই
সেই কোমলতা আৰু লাৱণ্যতা
আকৌ আনি দিয়া ৷
********